মিজোৰামত উদ্ধাৰ ১কোটি ৪ লাখ টকাৰ বিদেশী মূলৰ চিগাৰেট!

মিজোৰামৰ চম্ফাই জিলাত উদ্ধাৰ ১কোটি ৪ লাখ টকাৰ বিদেশী মূলৰ চিগাৰেট। অসম ৰাইফলছৰ (পূব) মহাপৰিদৰ্শকৰ অধীনত ২৩ চেক্টৰ অসম ৰাইফলছৰ চেৰছিপ বেটেলিয়নে শুকুৰবাৰে মিজোৰামৰ চম্ফাই জিলাৰ ডুংথালেঙত ১কোটি ৪ লাখ টকাৰ বিদেশী মূলৰ চিগাৰেট উদ্ধাৰ কৰে। এক নিৰ্দিষ্ট তথ্যৰ ওপৰত ভিত্তি কৰি অসম ৰাইফলছ আৰু ডুংটলাং আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ এই বৃহৎ পৰিমানৰ বিদেশী মূলৰ চিগাৰেট । জব্দকৃত চিগাৰেটখিনি শুল্ক বিভাগক হস্তান্তৰ কৰা হৈছে। উল্লেখ্য যে, চোৰাং ব্যৱসায়, ভাৰত-ম্যানমাৰ সীমান্তত বিশেষকৈ মিজোৰামৰ বাবে চিন্তাৰ কাৰণ হৈ পৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.