দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ RSS প্ৰধান ডাঃ মোহন ভাগৱত

দুদিনীয়া ভ্ৰমণ সূচীৰে অসমলৈ RSS প্ৰধান ডাঃ মোহন ভাগৱত

ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত দুই দিনীয়া কাৰ্যসূচীৰে কাইলৈ হোজালৈ আহিব। কাইলৈ অৰ্থাৎ ১৯ জুনৰ আবেলি গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্ত ৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাই পোনে পোনে হোজাইলৈ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক গৰাকী ৰাওনা হ’ব ৷ উল্লেখ্য, হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প চৌহদত যোৱা ৯ জুনৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ – এক (বিশেষ) প্ৰশিক্ষণ শিৱিৰ আৰম্ভ হৈছে ৷ ২০ আৰু ২১ জুনত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক (বিশেষ)ৰ প্রশিক্ষণ শিৱিৰত ডাঃ মোহন ভাগৱতে উপস্হিত থাকি ২১ জুনৰ আবেলি গুৱাহাটীলৈ উভতি আহিব । ডাঃ মোহন ভাগৱতে ২১ জুনৰ নিশা গুৱাহাটীৰ বৰবাৰীস্থিত সুদৰ্শনালয়ত নিশাটো কটাই ২২ জুনৰ পুৱা সৰসংঘচালক গৰাকীয়ে নাগপুৰ অভিমুখে ৰাওনা হ’ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে । উল্লেখ্য, হোজাইৰ সংস্কাৰ মন্দিৰ প্ৰকল্প প্ৰাংগনত ৯ জুনৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক (বিশেষ)ৰ ২০ দিনীয়া প্ৰশিক্ষণ শিবিৰৰ ২৯ জুনত সামৰণি পৰিব । ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ দ্বাৰা পৰিচালিত উক্ত প্রশিক্ষণত সংঘ শিক্ষা বৰ্গৰ প্ৰশিক্ষণ লোৱা স্বয়ংসেৱক সকলেহে কাৰ্যকৰ্তা বিকাশ বৰ্গ -এক ৰ প্রশিক্ষণত অংশ গ্রহণ কৰিব পাৰে । প্ৰশিক্ষণত ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ অসম ক্ষেত্ৰৰ পাঁচ প্ৰান্তৰ ৩৮ খন জিলাৰ উপৰি কোকন প্ৰান্তৰ এখন জিলা সহ মুঠ ১৪৩ গৰাকী স্বয়ংসেৱকে অংশগ্ৰহণ কৰিছে । অসম ক্ষেত্ৰৰ অধীনৰ উত্তৰ অসম প্ৰান্তৰ ৫১ গৰাকী, ত্ৰিপুৰা প্ৰান্তৰ ৪৬ গৰাকী, মণিপুৰ প্ৰান্তৰ ২৭ গৰাকী, দক্ষিণ অসম প্ৰান্তৰ ১৫ গৰাকী আৰু অৰুণাচল প্ৰান্তৰ ৩ গৰাকী স্বয়ংসেৱকে প্ৰশিক্ষণত অংশগ্ৰহণ কৰা প্ৰশিক্ষণ শিৱিৰত ১৬ গৰাকী শিক্ষকে প্ৰশিক্ষণ দি আছে।

You might also like
Leave A Reply

Your email address will not be published.