দুদিনীয়া ভ্ৰমণ সূচীৰে আজি অসমলৈ ডাঃ মোহন ভাগৱত 

the-rashtriya-swayamsevak-sangh-(RSS)-will-hold-a-two-day-program-tomorrow

ডিজিটেল ডেস্কঃ ৰাষ্ট্রীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক ডাঃ মোহন ভাগৱত দুই দিনীয়া কাৰ্যসূচীৰে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব । কাইলৈ অৰ্থাৎ ১৭ নবেম্বৰৰ আবেলি গুৱাহাটী বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰাই পোনে পোনে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সৰসংঘচালক গৰাকী গুৱাহাটীৰ বৰবৰীৰ সুদৰ্শনালয়ত উপস্থিত হ’ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ৷ উল্লেখ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষ পূৰ্ণ উপলক্ষে আৰ, এছ, এছ ৰ মুৰব্বী  ডাঃ মোহন ভাগৱতে ১৮ আৰু ১৯ নবেম্বৰত সম্পূৰ্ণ দুটাকৈ দিনত সুদৰ্শনালয়ত থাকি বৌদ্ধিক, মত-বিনিময় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব ৷ এই মৰ্মে, ১৮ নবেম্বৰৰ আবেলি ৪ বজাত সমাজ জীৱনলৈ অৱদান আগবঢ়োৱা গুৱাহাটী মহানগৰৰ কিছু সংখ্যক নিৰ্বাচিত লোকক সামৰি প্ৰবুদ্ধ নাগৰিক সন্মিলন অনুষ্ঠিত হ’ব ৷ উক্ত প্ৰবুদ্ধ নাগৰিক সন্মিলনত বিশিষ্ট সাহিত্যিক, কাকত আলোচনীৰ সম্পাদক, উদ্যোগপতিকে ধৰি দুই শতাধিকলোক উপস্থিত থাকিব ৷ প্ৰবুদ্ধ নাগৰিক সন্মিলনত ডাঃ মোহন ভাগৱতে বৌদ্ধিক প্ৰদান কৰাৰ লগতে মত -বিনময় কৰিব ৷ অনুৰূপধৰণে ১৯ নবেম্বৰৰ পুৱা ১০ বজাত যুৱ সন্মিলন অনুষ্ঠিত হ’ব ৷ উক্ত যুৱ সন্মিলনত কিছুসংখ্যক নিৰ্বাচিত কবি, সাহিত্যিক, সাংবাদিক, উদ্যোগপতি আদিৰ সন্মুখত আন এক বৌদ্ধিক প্ৰদান কৰিব ৷ ডাঃ মোহন ভাগৱতে গুৱাহাটীত দুদিন উপস্থিত থাকি ২০ নবেম্বৰৰ দিনা মণিপুৰলৈ অভিমুখে ৰাওনা হ’ব বুলি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ প্ৰচাৰ প্ৰমুখ কিশোৰ শিৱমে এখন প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিছে ।

You might also like
Leave A Reply

Your email address will not be published.