দেশত টিকাকৰণৰ এবছৰ সম্পূৰ্ণ

বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানৰ এবছৰ সম্পূৰ্ণ।ভাৰতে ১৬ জানুৱাৰী কোভিড-১৯ৰ বিৰুদ্ধে দেশব্যাপী টিকাকৰণ অভিযানৰ এবছৰ সম্পূৰ্ণ কৰে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি শনিবাৰে মুঠ ৬৬,২১,৩৯৫ টা কোভিড-১৯ ভেকছিন প্ৰদান কৰাৰ লগে লগে ১৫৬ কোটি পালি টিকাকৰণৰ যুগান্তকাৰী মাইলৰ খুঁটি অতিক্ৰম কৰিছে । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে প্ৰদান কৰা তথ্য অনুসৰি, এবছৰৰ ভিতৰত এয়া হৈছে ১৫৬ কোটি পালিৰ দ্ৰুততম টিকাকৰণ অভিযান যি এক নতুন বিশ্ব অভিলেখ।

উল্লেখ্য যে, যোৱা বছৰৰ ১৬ জানুৱাৰীত দেশব্যাপী কোভিড-১৯ টিকাকৰণ অভিযান আৰম্ভ হৈছিল। ভাৰতে যোৱা বছৰৰ আজিৰ দিনটোতে স্বাস্থ্য সেৱা আৰু ফ্ৰণ্টলাইন কৰ্মীসকলক কোভিড-১৯ ভেকছিনৰ পালি প্ৰদান কৰা আৰম্ভ কৰিছিল।

You might also like
Leave A Reply

Your email address will not be published.