দেৱযানীৰ কণ্ঠত গুৱাহাটী প্ৰেছ ক্লাবত মুকলি হ’ল ‘দিনে দিনে…’
অসমৰ সাংস্কৃতিক জগতখনত গোৱালপৰীয়া লোকগীতৰ স্থান অনস্বীকাৰ্য । গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী পদ্মশ্ৰী প্ৰতিমা পাণ্ডে বৰুৱা, সুধাকন্ঠ তথা ভাৰত-ৰত্ন ড: ভূপেন হাজৰিকাৰ দৰে বৰেণ্য শিল্পীসকলে এই গীতসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি গৈছে। শ্ৰদ্ধেয় প্ৰতিমা পাণ্ডে বৰুৱাই গোৱা ‘দিনে দিনে খসিয়া পৰিবে’ নামৰ দেহতত্ত্বমূলক লোকগীতটো ভিডিঅ’ এলবাম হিচাপে আজি মুকলি কৰা হয় গুৱাহাটী প্ৰেছ ক্লাবত এক বৰ্ণাঢ্য অনুষ্ঠানত।
বিশিষ্ট গল্পকাৰ অতনু ভট্টাচাৰ্যই আঁত ধৰা আজিৰ অনুষ্ঠানত সুকণ্ঠী গায়িকা দেৱযানী জামানে কণ্ঠদান কৰা গীতটো আনুষ্ঠানিকভাৱে মুকলি কৰে বিশিষ্ট সংগীত পৰিচালক তথা সংগীতকাৰ ক্ৰমে জে পি দাস, পুলক বেনাৰ্জী আৰু মণীষা হাজৰিকাই । উল্লেখযোগ্য যে এচ ডি প্ৰডাকচনে ভিডিঅ’ এলবাম হিচাপে প্ৰস্তুত কৰি উলিওৱা লোকগীতৰ এলবাম মুকলিৰ এই অনুষ্ঠানত সংগীত জগতৰ ভালেকেইগৰাকী জ্যেষ্ঠ লোক উপস্থিত থাকে ।
এলবামটোৰ সংগীত ব্যৱস্থাপনা বিশিষ্ট সংগীত পৰিচালক বাপী ওৰফে অৰূপজ্যোতি পাটগিৰিৰ ।
চিত্ৰ গ্ৰহণৰ দায়িত্বত আছে প্ৰণৱ মেধি । সেইদৰে চিত্ৰনাট্য প্ৰস্তুত কৰিছে গোৱালপাৰাৰ উদয় শংকৰ দে’ই । বাদ্য যন্ত্ৰ সংগত কৰিছে বাঁহী: কৈলাশ ৰাভা, ঢোলক: অনিল ৰয় (গৌৰীপুৰ), দোতাৰা: অনুকুল ৰয় (গৌৰীপুৰ), চাৰেন্দা : দুলাল ৰয় ( গৌৰীপুৰ) আৰু অভিনয়ত আছে অনুশ্ৰী দাস, বিশ্বজিৎ টেৰণ ( মিন্টু) আৰু সিদ্ধাৰ্থ মুখাৰ্জী । উল্লেখযোগ্য যে গীতটি বাণীবদ্ধ কৰা হৈছে অৰেঞ্জ ষ্টুডিঅ’ত ।