দৰমহাৰ পৰিমাণ শুনি বিবুদ্ধিত পৰিছে বিধায়িকা! পিছে কিয়?


নেচনেল ডেস্ক,এন ই ভাৰত

নিজৰ দৰমহা শুনি বিবুদ্ধিত পৰিছে এগৰাকী বিধায়িকা। পিছে ক’ৰ এইগৰাকী বিধায়িকা? পশ্চিমবংগৰ বাঁকুড়া জিলাৰ শালতোড়া সমষ্টিৰ বিজেপিৰ বিধায়িকা চন্দনা বাউড়ি। বিধায়িকা হোৱাৰ পিছত যেতিয়া চন্দনা বাউড়িয়ে নিজৰ দৰমহাৰ কথা শুনে তেতিয়া তেওঁ হতবাক হৈ পৰে। কিয়নো কিছুদিন আগলৈকে জোৰা-তাপলি মাৰি সংসাৰ চলোৱা চন্দনা বাউড়িয়ে পশ্চিমবংগৰ বিধানসভা নিৰ্বাচনত বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াইছিল আৰু জয় লাভ কৰিছিল নিৰ্বাচনত। বিধায়িকাৰূপে নিৰ্বাচিত হোৱাৰ পিছৰে পৰা চন্দনা বাউড়িৰ ঘৰলৈ সোঁত বয় মানুহৰ। সাক্ষাতকাৰৰ বাবে আহে সাংবাদিকো। চন্দনা বাউড়িয়ে এজন সাংবাদিকৰ পৰাই বিধায়িকা হিচাপে তেওঁ পাবলগীয়া টকাৰ কথা জানিব পাৰে।দৰমহাৰ পৰিমাণ শুনি চন্দনা বাউড়ি আচৰিত হোৱাই নহয় বৰঞ্চ বিপদত পৰে তেওঁ। চন্দনা বাউড়িয়ে মন্তব্য কৰে যে “ ইমানবোৰ টকা মই কেনেকৈ খৰচ কৰিম? কি কৰিম এতিয়াও ভাবিব পৰা নাই। কিন্ত মানুহৰ ভালৰ বাবেই দৰমহাৰ টকাৰে কিছুমান কাম কৰিম। ইমান টকা মোক নালাগে।”

উল্লেখযোগ্য যে নিজৰ গাড়ী নথকা এইগৰাকী বিধায়িকাৰ বাবে নিয়োজিত ৪ গৰাকী চৰকাৰী দেহৰক্ষী তেওঁৰ সৈতে কামত ওলাই যাবলৈ হ’লে স্থানীয় বিজেপি কাৰ্যকৰ্তা সকলৰ বাইকত যায়। আৰু বিধায়িকা নিজে যায় স্বামীৰ বাইকত। ।

You might also like
Leave A Reply

Your email address will not be published.