ধুমপান-সুৰাপান কৰিলে নাপাব চাকৰি

নিউজ ডেস্ক-

ঝাৰখণ্ডক সুৰা আৰু ধঁপাতমুক্ত কৰিবলৈ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণে গ্ৰহণ কৰিছে এক অভিনৱ পদক্ষেপ। ঝাৰখণ্ডত চৰকাৰী চাকৰি লাভ কৰিবলৈ হ’লে এতিয়াৰে পৰা ধুমপান আৰু মাদকদ্ৰৱ্য সেৱন নকৰাৰ শপতনামা দাখিল কৰিব লাগিব। কেৱল চৰকাৰী চাকৰি পোৱাৰ ক্ষেত্ৰতে নহয় চৰকাৰী চাকৰি কৰি থকা কৰ্মচাৰীসকলেও ধুমপান আৰু মাদকদ্ৰৱ্য সেৱন নকৰাৰ শপতনামা দাখিল কৰাটো বাধ্যতামূলক কৰা হৈছে। যিসকলে চৰকাৰী চাকৰিৰ আৱেদনৰ সৈতে এনে শপতনামা দাখিল নকৰে তেওঁলোকক চৰকাৰী চাকৰিৰ বাবে অযোগ্য ঘোষণা কৰা হ’ব। ঝাৰখণ্ডক ধঁপাত আৰু সুৰামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ মুখ্যমন্ত্ৰী হেমন্ত চোৰেণৰ মন্ত্ৰীসভাই গ্ৰহণ কৰিছে এই সিদ্ধান্ত।।

You might also like
Leave A Reply

Your email address will not be published.