BBCIলৈ আন্তঃৰাষ্ট্ৰীয় সন্মান

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানলৈ বিশ্ব স্বাস্থ্য সংস্থা(WHO)ৰ বিশেষ স্বীকৃতি। প্ৰতিষ্ঠনটোৰ ধপাতবিৰোধী অবিৰত যুঁজক বিশেষ ভাৱে স্বীকৃতি আগবঢ়াই বিশ্ব স্বাস্থ্য সংস্থাৰ দক্ষিণ পূৱ শাখাৰ আঞ্চলিক সঞ্চালকালয়ে। প্ৰতিষ্ঠানটোৰ সঞ্চালক ডাঃ অমল চন্দ্ৰ কটকীয়ে জনোৱা মতে যোৱা প্ৰায় ১৮ বছৰে ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানে ধপাতৰ বিৰোধীতাৰে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে বিশেষ উদ্যোগ লৈ আহিছে। বিগত সময়ত ১৫০০ৰো অধিক ধপাতবিৰোধী সজাগতা অভিযান সম্পন্ন কৰিছে প্ৰতিষ্ঠানটোৱে।

You might also like
Leave A Reply

Your email address will not be published.