বিবাহ পাশত বৃটিছ প্ৰধানমন্ত্ৰী

ইন্টাৰনেচনেল ডেস্ক, এন ই ভাৰত

ব্ৰিটিছ প্ৰধান মন্ত্ৰী বৰিছ জনছনে গোপনে বিবাহ পাশত আৱদ্ধ হৈছে কেৰী চায়মণ্ডৰ সৈতে। ৫৬ বছৰীয়া প্ৰধান মন্ত্ৰী গৰাকীয়ে ৩৩ বছৰীয়া চায়মণ্ডৰ সৈতে শনিবাৰে ৱেষ্টমিনিষ্টাৰ কেথেড্ৰেলত যুগ্ম জীৱনৰ পাতনি মেলে। অৱশ্যে, প্ৰধানমন্ত্ৰী জনছনৰ ডাউনিং ষ্ট্ৰীটত অৱস্থিত কাৰ্যালয়ৰ পৰা বিবাহ সম্পৰ্কে কোনো তথ্য সদৰী কৰা হোৱা নাই। প্ৰাপ্ত তথ্য মতে, মাংগলিক কাৰ্য্যৰ ঠিক আগমূহুৰ্ততহে মাত্ৰ কেইজনমান অতিথিক নিমন্ত্ৰণ কৰা হৈছিল বিবাহ অনুষ্ঠানলৈ।

উল্লেখ্য যে, ২০১৯ ত প্ৰধানমন্ত্ৰী পদত অধিস্থিত হোৱাৰে পৰা কেৰী চায়মণ্ড বৰিচ জনছনৰ সৈতে ডাউনিং ষ্ট্ৰিটত একেলগে বসবাস কৰি আছে।।

You might also like
Leave A Reply

Your email address will not be published.