ধৰ্মনগৰী হৰিদ্বাৰত ভয়ংকৰ বাছ দুৰ্ঘটনা!

 

নেচনেল ডেস্ক:

ৰ্মনগৰী হৰিদ্বাৰত ভয়ংকৰ বাছ দুৰ্ঘটনা।দুৰ্ঘটনাত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে আহত হয় ১২ জনৰো অধিক লোক । চণ্ডী চৌকী হৰিদ্বাৰৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা। এখন ৰোডৱেজ বাছ নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা বাগৰি তললৈ পৰি যোৱাৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাস্থলীত আৰক্ষী, এছডিআৰএফ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দল ততাতৈয়াকৈ উপস্থিত হৈ লোক সকলক উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে । আনহাতে আহত আটাইকেইজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । জানিব পৰা মতে, দুৰ্ঘটনাগ্ৰস্ত বাহনখন বৈষ্ণো দেৱী মন্দিৰলৈ গৈ থকা অৱস্হাত দলঙৰ পৰা বাগৰি পৰে। এই দুৰ্ঘটনাত কিমানজন লোক আহত হৈছে সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য লাভ কৰা হোৱা নাই। বাছখনত প্ৰায় ৩৪ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে ।

You might also like
Leave A Reply

Your email address will not be published.