নাইনিতালৰ কালাধুংগী অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা!

এখন পৰ্যটক কঢ়িওৱা বাছ এটা দ খাৱৈত বাগৰি পৰাত নিহত হয় কমেও ৭ গৰাকী যাত্ৰী

নেচনেল ডেস্ক:

ত্তৰাখণ্ডৰ নাইনিতাল জিলাৰ কালাধুংগী অঞ্চলত ভয়ংকৰ পথ দুৰ্ঘটনা। যোৱা নিশা এখন পৰ্যটক কঢ়িওৱা বাছ এটা দ খাৱৈত বাগৰি পৰাত পাঁচগৰাকী মহিলা, এটি শিশুসহ নিহত হয় কমেও ৭ গৰাকী যাত্ৰী। আনহাতে দুৰ্ঘটনাত আহত হয় ১৮ গৰাকী যাত্ৰী।

প্ৰাথমিক অনুসন্ধান অনুসৰি, নাইনিতালৰ পৰা হাৰিয়ানাৰ হিছাৰ জিলালৈ ওভতি অহা পথত দুৰ্ঘটনাগ্ৰস্ত হয় বাছখন। খবৰ মতে, বাছখনত ৩৩ গৰাকী যাত্ৰী আছিল। পৰৱৰ্তী সময়ত স্থানীয় আৰক্ষী আৰু এছ ডি আৰ এফ বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈ আৰম্ভ কৰে উদ্ধাৰ অভিযান। আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পথ দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে।।

You might also like
Leave A Reply

Your email address will not be published.