দীঘলীপুখুৰীৰ খাও গলীত থকা প্ৰতিষ্ঠানসমূহৰ বাবে প্ৰযোজ্য হ’ব বিশেষ নীতি-নিয়ম!

নিউজ ডেস্ক:

দীঘলীপুখুৰীৰ খাও গলীত থকা প্ৰতিষ্ঠানসমূহৰ বাবে প্ৰযোজ্য হ’ব কিছু বিশেষ নীতি-নিয়ম। পূৰ্বৰ দৰেই খাও গলী চলি থাকিব যদিও অধিক কঠোৰ নীতি-নিয়মৰ অধীনত আহিব খাও গলীত থকা ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ । এই কথা সদৰি কৰে গুৱাহাটী পৌৰ নিগমে।

অচিৰেই গুৱাহাটী পৌৰ নিগমে খাও গলী সন্দৰ্ভত জাৰি কৰিব কিছু বিশেষ নীতি-নিয়মৰ নিৰ্দেশনা । এই নিৰ্দেশনাসমূহ তাত থকা প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানে মানি চলাটো বাধ্যতামূলক হ’ব বুলি জানিব পৰা গৈছে। খাও গলীত থকা প্ৰতিষ্ঠানসমূহৰ গৰাকীৰ ড্ৰেচ কোড, আইকাৰ্ড, ব্যৱসায়ী পঞ্জীয়ন থাকিব। শেহতীয়াকৈ উক্ত স্থানত এখন ব্যৱসায়িক প্ৰতিষ্ঠানত সংঘটিত হোৱা চিলিণ্ডাৰ বিস্ফোৰণৰ দৰে অনাকাংক্ষিত ঘটনা ৰোধৰ বাবে নিগমৰ এই কঠোৰ ব্যৱস্থাৰ সিদ্ধান্ত।।

You might also like
Leave A Reply

Your email address will not be published.