মিজোৰামত উদ্ধাৰ বৃহৎ পৰিমাণৰ বিস্ফোৰক,গুলী!

ম্যানমাৰৰ দুই সৰবৰাহকাৰীৰ পলায়ন

নিউজ ডেস্ক:

মিজোৰামত মিজো আৰক্ষী আৰু অসম ৰাইফলছৰ যৌথ অভিযানত জব্দ বৃহৎ পৰিমানৰ বিষ্ফোৰক সামগ্ৰী সহ বন্দুকৰ গুলী।চিয়াহা জিলাৰ ভাৰত-ম্যানমাৰ সীমান্তবৰ্তী লুংবুন গাঁৱত জব্দ ১০০ টা জিলেটিন,১০০ টা ডিট’নেটৰ, একে-৪৭ ৰাইফলৰ ১৫০ জাঁই সজীৱ গুলী সহ অন্যান্য বিস্ফোৰক সামগ্ৰী।দুজন সন্দেহযুক্ত ম্যানমাৰৰ নাগৰিকে সৰবৰাহ কৰিছিল বিস্ফোৰক সামগ্ৰী খিনি।আৰক্ষীৰ অভিযানৰ উমান পাই সামগ্ৰী খিনি এৰি সীমান্তৰ কল’ডিন নদী পাৰ হৈ ম্যানমাৰলৈ পলায়ন কৰিবলৈ সক্ষম হয় দুই সৰবৰাহকাৰী।।

You might also like
Leave A Reply

Your email address will not be published.