নিৰাপত্তাৰক্ষীৰ জালত পাক-সন্ত্ৰাসবাদী!

জম্মু-কাশ্মীৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। জম্মু-কাশ্মীৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ জালত এটা জেছ-ই-মহম্মদৰ কুখ্যাত সন্ত্ৰাসবাদী। জানিব পৰা মতে, হান্দৱাৰাৰ পৰা জেছ-ই-মহম্মদৰ এটা সন্ত্ৰাসবাদীক অস্ত্ৰ-শস্ত্ৰ আৰু গোলা বাৰুদসহ আটক কৰে আৰক্ষী, সেনা আৰু CRPFৰ এক যুটীয়া অভিযানকাৰীৰ দলে। উল্লেখ্য যে ৰাজৱাৰ অঞ্চলত সন্ত্ৰাসবাদীৰ চলাচল সন্দৰ্ভত পোৱা এক নিৰ্দিষ্ট খৱৰৰ ওপৰত ভিত্তি কৰি অভিযানকাৰীৰ দলে চুলতানপোৰা দলঙত এটা যুটীয়া নাকা স্থাপন কৰি আটক কৰিবলৈ সক্ষম হয় জেছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীটোক। ধৃত সন্ত্ৰাসবাদীটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে এটা মেগজিন, এটা পিষ্টলসহ মাৰনাস্ত্ৰ। ধৃত সন্ত্ৰাসবাদীটো কুপৱাৰাৰ লোলাবৰ ময়দানপোৰাৰ বাসিন্দা উবাইদ বছিৰ ৱানী বুলি চিনাক্ত কৰা হৈছে । ইতিমধ্যে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰখা হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.