নেদাৰলেণ্ডত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা!

দুৰ্ঘটনাটোত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ৩০ গৰাকী লোক

ইণ্টাৰনেচনেল ডেস্ক:

নেদাৰলেণ্ডত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা। মঙলবাৰে হেগৰ পৰা প্ৰায় আঠ কিলোমিটাৰ উত্তৰে অৱস্থিত ভুৰচোটেন গাঁৱৰ ওচৰত পুৱা প্ৰায় ৩:৩০ বজাত সংঘটিত হয় এই দুৰ্ঘটনা।তীব্ৰবেগী ডাবল ডেকাৰ যাত্ৰীবাহী ৰে’লখনে গধুৰ নিৰ্মাণ সঁজুলিৰ সৈতে খুন্দা মাৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো। দুৰ্ঘটনাটোত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ৩০ গৰাকী লোক। ডাবল ডেকাৰ ৰে’লখনত প্ৰায় ৬০ গৰাকী যাত্ৰী আছিল বুলি ডাছ জৰুৰীকালীন সেৱাই জানিবলৈ দিয়ে। ইফালে গুৰুতৰভাৱে আহত যাত্ৰীসকলক চিকিৎসালয়লৈ প্ৰেৰণ কৰিবলৈ নিয়োগ কৰা হয় কেইবাখনো এম্বুলেন্সৰ লগতে এখন হেলিকপ্টাৰ ।।

You might also like
Leave A Reply

Your email address will not be published.