পুনে-বেংগালুৰু ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা!

মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ পুনে-বেংগালুৰু ঘাইপথত ভয়াৱহ পথ দুৰ্ঘটনা। দেওবাৰে মহাৰাষ্ট্ৰৰ চাংলি জিলাৰ পুনে-বেংগালুৰু ঘাইপথত এখন স্থিৰ কন্টেইনাৰ ট্ৰাকত এখন গাড়ীয়ে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় এটা পৰিয়ালৰ তিনিটা শিশুসহ মুঠ পাঁচ জন লোক । জানিব পৰা মতে, চাংলিৰ কাচেগাঁও অঞ্চলৰ য়েৱালেৱাড়ী ফাটা অঞ্চলৰ ওচৰত গাড়ীখন পুনেৰ পৰা চুবুৰীয়া কোলাপুৰৰ জেছিংপুৰলৈ গৈ থকা অৱস্থাত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। দুৰ্ঘটনাত নিহতসকল অৰিঞ্জয় শিৰোতে (৩৫), স্মিতা শিৰোতে (৩৮), পূৰ্ব শিৰোতে (১৪), সুনেশা শিৰোতে (১০) আৰু বীৰু শিৰোতে (৪) বুলি চিনাক্ত কৰা হৈছে।

You might also like
Leave A Reply

Your email address will not be published.