পুনৰ ভয়ংকৰ বিষ্ফোৰণত কঁপি উঠিল কাবুল!

পুনৰ ভয়ংকৰ বিষ্ফোৰণত কঁপি উঠিল আফগানিস্তানৰ ৰাজধানী চহৰ কাবুল। সন্ধিয়া নামাজ পঢ়ি থকা সময়ত সংঘটিত হয় এই ভয়ংকৰ বিষ্ফোৰণ। ঘটনাটো সংঘটিত হৈছে আফগানিস্তানৰ ৰাজধানী কাবুলৰ উত্তৰ দিশৰ খৈৰ খানা অঞ্চলৰ এটা মছজিদত। বিস্ফোৰণত ২০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে গুৰুতৰভাৱে আহত হয় ৪০ জন লোক। নিহত সকলৰ ভিতৰত আমিৰ মহম্মদ কাবুলী নামৰ এজন শীৰ্ষ ইছলাম ধৰ্মগুৰুও আছে। এই পৰ্যন্ত কোনো সন্ত্ৰাসবাদী সংগঠনে বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই। উল্লেখ্য যে, ১৫ আগষ্টত তালিবানৰ এবছৰ সম্পূৰ্ণ হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.