প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ বৃহৎ সফলতা

প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’)ৰ আন এক বৃহৎ সফলতা।আজি ওড়িশাৰ উপকূলৰ চণ্ডীপুৰৰ ইন্টিগ্ৰেটেড টেষ্ট ৰেঞ্জ (আইটিআৰ)ৰ পৰা প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডিআৰডিঅ’) আৰু ভাৰতীয় নৌসেনাই ভাৰটিকেল লঞ্চ শ্বৰ্ট ৰেঞ্জ ছাৰ্ফেচ-টু-এয়াৰ মিছাইল (ভিএল-এছআৰএছএএম) সফলতাৰে উৰণ পৰীক্ষণ কৰে। উলম্ব উৎক্ষেপণৰ ক্ষমতা প্ৰদৰ্শনৰ বাবে ভাৰতীয় নৌসেনাৰ এখন জাহাজৰ পৰা তীব্ৰবেগী মানৱবিহীন আকাশী লক্ষ্যৰ বিৰুদ্ধে উৰণ পৰীক্ষা সম্পন্ন কৰা হৈছিল। থলুৱা ৰেডিঅ’ ফ্ৰিকুৱেন্সিৰে সজ্জিত এই ক্ষেপণাস্ত্ৰই অতি নিখুঁততাৰে লক্ষ্য ভেদ কৰিবলৈ সক্ষম হয়। উলম্ব উৎক্ষেপণ শ্বৰ্ট ৰেঞ্জ ছাৰ্ফেচ-টু-এয়াৰ মিছাইল (ভিএল-এছআৰএছএএম) ডি আৰ ডি অ’ই থলুৱাভাৱে নিৰ্মাণ আৰু বিকশিত কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.