প্ৰলয়ংকাৰী বানৰ গৰাহত জাৰ্মানী

ইন্টাৰনেচনেল ডেস্ক, এন ই ভাৰত

জাৰ্মানীত প্ৰলয়ংকাৰী বানৰ কবলত পৰি প্ৰায় অৰ্ধশতাধিক লোকৰ এইপৰ্যন্ত মৃত্যু ঘটিছে।বানৰ প্ৰবল সোঁতত বহু যানবাহন উটি যোৱাৰ লগতে ৰাইনলেণ্ড-পালাটিনেট আৰু নৰ্থ ৰাইন-ৱেষ্টফেলিয়াত হোৱা তীব্ৰ জল প্ৰবাহত মানুহৰ ঘৰ পৰ্যন্ত খহি পৰিছে। এই প্ৰাকৃতিক দুৰ্যোগৰ ফলত চৰকাৰীভাৱে মৃত্যুৰ সংখ্যা প্ৰায় ৪৫ জন বুলি সদৰি কৰা হৈছে যদিও মৃতকৰ সংখ্যা অধিক হোৱাৰ আশংকা কৰা হৈছে। জাৰ্মানীৰ ক’লন অঞ্চলত বানপানীত কমেও ২০ৰ পৰা ৩০ জন লোকে প্ৰাণ হেৰুওৱা বুলি অনুমান কৰা হৈছে। আনহাতে ৰাইনলেণ্ড-পালাটিনেটৰ আহৰৱেইলাৰ জিলাত ২৮ জন লোকৰ মৃত্যু হোৱা বুলি চৰকাৰি সুত্ৰই জনাইছে।

ইফালে, বানপানীৰ ফলত অৰ্ধশতাধিক লোক সন্ধানহীন হোৱাৰো আশংকা কৰা হৈছে বুলি দেশখনৰ অভ্যন্তৰীণ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ৰ’জাৰ লেৱেণ্টজে সংবাদ মাধ্যমত সদৰি কৰিছে।।

You might also like
Leave A Reply

Your email address will not be published.