প্ৰাপ্য নাপাই মিস্ত্ৰীয়ে ভাঙিলে ৫ কোটি টকীয়া ঘৰ

ইন্টাৰনেচনেল ডেস্ক, এন ই ভাৰত

কাম সম্পূৰ্ণ কৰাৰ পিছত টকা আদায় নিদিয়াৰ বাবে শাস্তি ভুগিলে এগৰাকী ব্যক্তিয়ে।৩লাখ টকাৰ বাবে নষ্ট কৰিলে প্ৰায় ৫ কোটি টকাৰ সম্পত্তি। এই ঘটনা সংঘটিত হৈছে ইংলেণ্ডৰ ৪০ বছৰীয়া জয় কুৰ্জী নামৰ এজন ব্যক্তিৰ লগত। এই ব্যক্তি গৰাকীয়ে ইংলেণ্ডত এটি ঘৰ ক্ৰয় কৰিছিল আৰু সেই ঘৰটো বসবাসৰ উপযোগী কৰাৰ লগতে নতুন কৰাৰ প্ৰয়াসেৰে নিয়োগ কৰিছিল মিস্ত্ৰী। কিন্তু মিস্ত্ৰীৰ কামত সন্তুষ্ট হোৱা নাছিল কুৰ্জী। সেয়ে মিস্ত্ৰীয়ে বিচৰা সম্পূৰ্ণ ধন আদায় দিবলৈ অমান্তি হৈছিল। ৪ কোটি ৮৮ লাখ ৭২ হাজাৰ টকা আদায় দিয়াৰ পাছতো কুৰ্জীৰ বাকী ৰৈছিল ৩ লাখ ৬০ হাজাৰ টকা। এদিন ঘৰত কোনো নথকাৰ সুযোগত মিস্ত্ৰীগৰাকী কুৰ্জীৰ ঘৰত প্ৰৱেশ কৰে আৰু প্ৰায় ৫ কোটি টকীয়া ঘৰটো ভাঙি পেলায়। আদায় নিদিয়া ৩ লক্ষাধিকৰ ঠাইত কুৰ্জীৰ নষ্ট হ’ল ৫ কোটি টকাৰ সম্পত্তি। ইতিমধ্যে উপায়হীন কুৰ্জী কাষ চাপিছে পুলিচৰ।।

You might also like
Leave A Reply

Your email address will not be published.