ফাইনেলত ইংলেণ্ড-ইটালী

স্পৰ্টছ ডেস্ক, এন ই ভাৰত

ইটালি আৰু ইংলেণ্ডৰ ইউৰো কাপ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ। ইটালি আৰু স্পেইনৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন চেমি ফাইনেলত দুয়োটা দলে একোটাকৈ গ’ল দিবলৈ সক্ষম হৈছিল। ইটালিৰ হৈ গ’ল দিছিল ফেডেৰিক’ ছিছা আৰু স্পেইনৰ হৈ গ’ল দিছিল এলভাৰ’ ম’ৰেটাই। নিৰ্ধাৰিত সময়ত খেলৰ ফলাফল নোলোৱাত পেনাল্টিৰ সহায়ত ইটালিয়ে ৪-২ গ’লৰ ব্যৱধানত স্পেইনক পৰাভূত কৰি ফাইনেলত নিজৰ স্থান সুনিশ্চিত কৰে। ইপিনে, আনখন চেমিফাইনেলত ইংলেণ্ডে ডেনমাৰ্কক ২-১ গ’লৰ ব্যৱধানত পৰাস্ত কৰি ইউৰো কাপ প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰে। ইংলেণ্ডৰ হৈ চাইমন কেজাৰ আৰু হেৰি কেইনে একোটাকৈ গ’ল দিয়ে। ডেনমাৰ্কৰ হৈ একমাত্ৰ গ’লটো দিয়ে মিকেল ডেম্‌চগাৰ্ডে। উল্লেখ্য যে ইংলেণ্ড ১৯৬৬ চনৰ পিছত প্ৰথমবাৰ কোনো আন্তঃ ৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত উপনিত হ’বলৈ সক্ষম হৈছে।।

You might also like
Leave A Reply

Your email address will not be published.