বন্দৰ চহৰ এডেনত বিধ্বংসী বিস্ফোৰণ। বুধবাৰে য়েমেনৰ দক্ষিণ বন্দৰ চহৰ এডেনৰ মনচুৰাহ জিলাত এখন বাহনত সংঘটিত হোৱা ভয়ংকৰ বিস্ফোৰণত নিহত এজন স্থানীয় য়েমেনী সাংবাদিক। আনহাতে বিস্ফোৰণৰ ফলত আহত হয় কেইবাজনো পথচাৰী। প্ৰাপ্ত খৱৰ মতে, এডেনৰ মনচুৰাহ জিলাত এজন স্থানীয় সাংবাদিকক কঢ়িয়াই নিয়া বাহনখনৰ সৈতে সংলগ্ন এটা ইম্প্ৰুভাইজড এক্সপ্লোচিভ ডিভাইচ (আইইডি) বিস্ফোৰণৰ ফলত সংঘটিত হয় এই ঘটনাটো। উল্লেখ্য যে, নিহত সাংবাদিকজনে এটা জাপানী সংবাদ মাধ্যমৰ বাবে কাম কৰিছিল যদিও তেওঁক কিয় লক্ষ্য কৰা হৈছিল সেই কথা স্পষ্ট হোৱা নাই। ঘটনা সন্দৰ্ভত তদন্ত চলি আছে। এই পৰ্যন্ত কোনেও বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ কৰা নাই।।
Sign in
Sign in
Recover your password.
A password will be e-mailed to you.
বন্দৰ চহৰ এডেনত বিধ্বংসী বিস্ফোৰণ!
You might also like