বলিউডৰ প্ৰখ্যাত অভিনেতা, পৰিচালক তথা চিত্ৰনাট্যকাৰ সতীশ কৌশিকৰ দেহাৱসান

হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ অভিনেতা, পৰিচালক গৰাকীৰ

নিউজ ডেস্ক:

লিউডৰ প্ৰখ্যাত অভিনেতা, পৰিচালক তথা চিত্ৰনাট্যকাৰ সতীশ কৌশিকৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ অভিনেতা, পৰিচালক গৰাকীৰ। গুৰগ্ৰামস্থিত ফ’ৰ্টিছ হাস্পতালত শেষ নিশাস ত্যাগ কৰে প্ৰবীণ অভিনেতা, পৰিচালক গৰাকীয়ে। ইহ জগতত পত্নী আৰু একমাত্ৰ পুত্ৰীক এৰি ৬৭ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে সতীশ কৌশিকে।মৰণোত্তৰ পৰীক্ষাৰ পাছতে স্বগৃহলৈ নিয়া হ’ব কৌশিকৰ নিঠৰ দেহ।

অভিনেতা, প্ৰযোজক, কমেডিয়ান আৰু চিত্ৰনাট্যকাৰ কৌশিকে ‘ৰাম লখন’, ‘জানে ভি দো য়াৰো’ আৰু ‘মিষ্টাৰ ইণ্ডিয়া’কে ধৰি কেইবাখনো জনপ্ৰিয় হিন্দী ছবিত অভিনয় কৰিছিল।

১৯৫৬ চনৰ ১৩ এপ্ৰিলত হাৰিয়ানাৰ মহেন্দ্ৰনগৰত জন্মগ্ৰহণ কৰা কৌশিকে দিল্লী বিশ্ববিদ্যালয়ৰ কিৰোৰী মাল কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি নেচনেল স্কুল অৱ ড্ৰামাত অধ্যয়ন কৰে। ‘ৰূপ কি ৰাণী চোৰো কা ৰাজা’, ‘প্ৰেম’, ‘হাম আপকে দিল মেই ৰেহতে হেয়’, ‘তেৰে নাম’ আদি ছবি পৰিচালনা কৰিছিল কৌশিকে। ইফালে সুনিপুন অভিনেতা, পৰিচালক তথা চিত্ৰনাট্যকাৰ গৰাকীৰ মৃত্যুত বলিউডৰ লগতে সমগ্ৰ দেশবাসী শোকস্তদ্ধ।।

You might also like
Leave A Reply

Your email address will not be published.