বাংলাদেশেলৈ উত্তৰ-পূৱৰ আঠ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ

ইণ্টাৰনেচনেল ডেস্ক:

বাংলাদেশেলৈ উত্তৰ-পূৱৰ আঠখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ । বাংলাদেশ আৰু ভাৰতৰ উত্তৰ-পূৱ অঞ্চলৰ মাজত সম্পৰ্ক অধিক শক্তিশালী কৰাৰ প্ৰয়াস হিচাপে এই আমন্ত্ৰণ জনোৱা হৈছে। খৱৰটো সদৰি কৰিছে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী শ্বাহৰিয়াৰ আলমে। জানিব পৰা মতে, বাংলাদেশে তিনিদিনীয়া ভ্ৰমণৰ বাবে আমন্ত্ৰণ জনাইছে উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী কেইগৰাকীক। বাংলাদেশ আৰু ভাৰতৰ উত্তৰ-পূৱৰ কেইখনমান ৰাজ্যই ইতিমধ্যে বাংলাদেশৰ সৈতে বাণিজ্য আৰু সংযোগৰ ক্ষেত্ৰত সম্পৰ্ক স্থাপন কৰিছে ।

উল্লেখ্য যে, বাংলাদেশ আৰু উত্তৰ-পূৱ ভাৰতৰ মাজত ১,৮৭৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে।।

You might also like
Leave A Reply

Your email address will not be published.