বাৰ্তাজীৱী সংঘৰ অন্যতম সম্পাদক পদত ৰাণাজ্যোতি নেওগ

অসম বাৰ্তাজীৱী সংঘৰ অন্যতম সম্পাদক ৰূপে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ৰাণাজ্যোতি নেওগক নিৰ্বাচিত কৰা হৈছে। অসম বাৰ্তাজীৱী সংঘৰ দক্ষিণ-পূব মণ্ডলৰ সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰিব সাংবাদিক নেওগে। শনিবাৰে গুৱাহাটীত অনুষ্ঠিত অসম বাৰ্তাজীৱী সংঘৰ কাৰ্যনিৰ্বাহক সভাত সাংগঠনিক দিশত আলোচনা কৰি সংঘৰ চাৰিটা মণ্ডল গঠন কৰা হয় । সেই অনুসৰি দক্ষিণ-পূব মণ্ডলৰ সম্পাদক ৰূপে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ৰাণাজ্যোতি নেওগক নিৰ্বাচিত কৰা হয় । মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ ১৩ বছৰে সম্পাদক ৰূপে কাৰ্যনিৰ্বাহ কৰা নেওগে ২০১৯ চনৰ পৰাই তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদকৰূপে কাৰ্যনিৰ্বাহ কৰি আছে । শেষতীয়াকৈ অসম বাৰ্তাজীৱী সংঘৰ লিডু অধিবেশনখনি সফলতাৰে ৰূপায়ণত নেতৃত্ব লৈছিল নেওগে । ৰাজ্যিক সংগঠনটোৰ অন্যতম সম্পাদক ৰূপে নেওগক নিৰ্বাচিত কৰাত সন্তোষ প্ৰকাশ কৰিছে তিনিচুকীয়া জিলা সাংবাদিক সন্থাই।।

You might also like
Leave A Reply

Your email address will not be published.