বিশাখাপট্টনমৰ ৰামযোগীপেটাত ভয়ংকৰ ঘটনা!

হঠাৎ খহি পৰে এটা তিনিমহলীয়া অট্টালিকা

নেচনেল ডেস্ক:

বিশাখাপট্টনমৰ ৰামযোগীপেটাত ভয়ংকৰ ঘটনা। বিশাখাপট্টনমৰ কালেক্টৰেটৰ সমীপৰ ৰামযোগীপেটাত হঠাৎ খহি পৰে এটা তিনিমহলীয়া অট্টালিকা। ফলত থিতাতে মৃত্যু হয় দুটাকৈ শিশুসহ তিনিজন লোকৰ । আনহাতে গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আন পাঁচজন লোক। ঘটনাস্থলীত এনডিআৰএফ, আৰক্ষী প্ৰশাসন আৰু অগ্নি নিৰ্বাপক বাহিনীৰ দল উপস্থিত হৈ ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। দলটোৱে ঘটনাটোত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত পাঁচজন লোকক ততাতৈয়াকৈ কিং জৰ্জ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

আৰক্ষীয়ে জনোৱা মতে, চুবুৰীয়া এজন ব্যক্তিয়ে ঘৰৰ ভেটিৰ বাবে মাটি খন্দাৰ পৰিনতিতে এই ঘৰটোৰ ভেটি দুৰ্বল হৈ পৰিছিল। যাৰ ফলত সংঘটিত হয় শোকাৱহ ঘটনাটো। আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে, অট্টালিকাটো প্ৰায় দুই দশক পুৰণি আছিল।।

You might also like
Leave A Reply

Your email address will not be published.