বিশিষ্ট সমাজকৰ্মী দেৱেন বৰাৰ মৃত্যু

ব্যুৰ’ ৰিপ’ৰ্ট, এন ই ভাৰত

দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী তথা সৰবৰহী ব্যক্তি দেৱেন বৰাৰ আজি বিয়লি দেহাৱসান ঘটে।ৰে’লৱেৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা দেৰগাঁৱৰ বিশিষ্ট সমাজকৰ্মী গৰাকীয়ে ৮৫ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰে।

দেৰগাঁৱৰ টেকেলাবৰুৱা গাঁৱৰ নিজ বাসভৱনত মৃত্যু ঘটা প্ৰয়াত বৰাই এন ই ভাৰতৰ পৰিচালন সঞ্চালক দুলাল বৰা সহ ৫ পুত্ৰ আৰু এগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ গৈছে।

বিশিষ্ট সমাজকৰ্মী গৰাকীৰ মৃত্যুত এন ই ভাৰত পৰিয়ালেও গভীৰ শোক প্ৰকাশ কৰাৰ লগতে বিদেহী আত্মাৰ সদ্গতি কামনাৰে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছো।।

You might also like
Leave A Reply

Your email address will not be published.