WTC জিকিলে কিমান টকা পাব বিৰাট-ৰোহিতহঁতে

স্পৰ্টছ ডেস্ক-

খেলপথাৰত নমাৰ পূৰ্বেই বিশ্ব টেষ্ট ফাইনেলকলৈ এতিয়া সৰ্বত্ৰে চৰ্চা আৰম্ভ হ’লেই। কোন দলে দখল কৰিব বিশ্ব টেষ্ট শৃংখলা? তাকেলৈ সৰৱ চৰ্চা। কোন দলে শেষ হাঁহি মাৰিব সেই কথা বাৰু সময়ে ক’ব। তাৰ পূৰ্বে জানো আহক ফাইনেলত জয় লাভ কৰা অথবা পৰাজয়বৰণ কৰা দলে কিমান টকা লাভ কৰিব।

International Cricket Council এ ঘোষণা কৰা অনুসৰি বিশ্ব টেষ্ট ফাইনেল জিকা দলে লাভ কৰিব ১.৬ মিলিয়ন ডলাৰ। ভাৰতীয় মূল্যত প্ৰায় ১১.৭২ কোটি টকা। ইয়াৰ লগতে পুৰস্কাৰ হিচাপে থাকে ICC টেষ্ট ছেম্পিয়নশ্বীপৰ বিশেষ দণ্ড। পৰাজিত দলেও লাভ কৰে অধিক টকা। ভাৰতীয় মূল্যত প্ৰায় ৫.৮৫ কোটি টকা লাভ কৰে পৰাজিত দলে। ইয়াৰ উপৰিও বৰষুণ অথবা আন কোনো কাৰণত খেল খন অমীমাংসিতভাৱে শেষ হ ‘লে পুৰস্কাৰৰ মূল্য সমানকৈ ভাগ কৰা হয়। যদি সেয়া নহয় তেন্তে পৰৱৰ্তী বিশ্ব টেষ্ট ছেম্পিয়নশ্বীপৰ ফাইনেল আৰম্ভ হোৱাৰ পূৰ্বৰ পৰ্যন্ত সমান সংখ্যক দিন সেই বিশেষ দণ্ড নিজৰ ওচৰত ৰাখিব পাৰিব ভাৰত আৰু নিউজিলেণ্ডে।

বিশ্ব টেষ্ট ছেম্পিয়নশ্বীপৰ তৃতীয়,চতুৰ্থ আৰু পঞ্চম স্থান লাভ কৰা দলে ক্ৰমে ৪.৫ লাখ,৩.৫ লাখ আৰু ২ লাখ ডলাৰ লাভ কৰে। বাকী আন দলসমূহক প্ৰত্যেককে ১ লাখ ডলাৰ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ICC য়ে।

You might also like
Leave A Reply

Your email address will not be published.