বিহাৰত অগ্নিদগ্ধ হৈ মৃত্যু চাৰি গৰাকী ভগ্নীৰ!

নেচনেল ডেস্ক :

বিহাৰত ভয়ংকৰ অগ্নিকাণ্ড ।অগ্নিকাণ্ডত একে পৰিয়ালৰে চাৰিগৰাকী ভগ্নীৰ মৃত্যু । বিহাৰৰ মুজাফ্ফৰপুৰ জিলাৰ সদৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰামদায়ালুৰ এটা বস্তি ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডত। অগ্নিকাণ্ডত চাৰিগৰাকী ভগ্নী জ্বলি মৃত্যুমুখত পৰে। ঘটনাটো সংঘটিত হয় নিশা প্ৰায় ১:৩০ বজাত ।

স্থানীয় আৰক্ষীয়ে জনোৱা অনুসৰি, জুই তিনিটা ঘৰলৈ বিয়পি পৰে। অগ্নিকাণ্ডৰ ফলত নৰেশ ৰাম নামৰ লোকজনৰ চাৰিজনী কন্যা ক্ৰমে চোনি,শিৱানী , অমৃতা আৰু ৰীতা অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে। ইয়াৰ উপৰিও, ৰাজেশ ৰাম আৰু মুকেশ ৰাম নামৰ লোক দুজনৰ ঘৰত শুই থকা বহু কেইজন লোক অগ্নিদগ্ধ হয়। অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত সকল বৰ্তমান এছকেএমচিএইচত চিকিত্‍সাধীন হৈ আছে। অগ্নিকাণ্ডৰ কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই।।

You might also like
Leave A Reply

Your email address will not be published.