আজি ২ মে’

▶️১৫১৯ চনৰ আজিৰ দিনটোতেই ইটালীৰ প্ৰখ্যাত চিত্ৰকৰ লিঅ’নাৰ্ডো ডা-ভিন্সিৰ মৃত্যু হৈছিল। ‘মনালিছা’ আৰু ‘লাষ্ট ছাপাৰ’ তেওঁৰ অতি উল্লেখযোগ্য শিল্পকীৰ্তি।
▶️১৫৩৫ চনৰ এই দিনটোতেই ব্যভিচাৰিণীৰ অভিযোগত লণ্ডন টাৱাৰৰ আদালতত অভিযুক্ত ইংলেণ্ডৰ সম্ৰাট অষ্টম হেনৰীৰ পত্নী কেথৰিন।বিচাৰত তেওঁক শিৰচ্ছেদৰ ৰায়দান।
▶️১৭৮০ চনৰ আজিৰ দিনটোতেই ইংৰাজ জ্যোতিৰ্বিজ্ঞানী উইলিয়াম হাৰ্ছেলৰ দ্বাৰা সপ্তৰ্ষিমণ্ডলৰ আৱিষ্কাৰ।
▶️১৯০২ চনৰ আজিৰ দিনটোতেই পৃথিৱীৰ প্ৰথমখন কল্পবিজ্ঞান চলচ্চিত্ৰ ‘এ ট্ৰিপ টু দা মুন’ৰ মুক্তিলাভ।
▶️১৯২১ চনৰ আজিৰ দিনটোতেই চলচ্চিত্ৰ পৰিচালক সত্যজিৎ ৰায়ৰ জন্ম হৈছিল।
▶️১৯২৮ চনৰ আজিৰ দিনটোতেই সাহিত্যিক হেমচন্দ্ৰ গোস্বামীৰ মৃত্যু হৈছিল।
▶️১৯৩২ চনৰ আজিৰ দিনটোতেই ‘দা গুড আৰ্থ’ৰ বাবে পাৰ্ল এছ বাকলৈ পুলিৎজাৰ বঁটা।
▶️১৯৩৩ চনৰ আজিৰ দিনটোতেই আডলফ হিটলাৰৰ দ্বাৰা জাৰ্মানীত ট্ৰেড ইউনিয়ন নিষিদ্ধ ঘোষণা।
▶️১৯৫৯ চনৰ আজিৰ দিনটোতেই ভাৰতত প্ৰথমটো পলিথিন প্ৰস্তুতকৰণ প্ৰকল্পৰ মুকলি।
▶️১৯৬৮ চনৰ আজিৰ দিনটোতেই কৰ্মচাৰীৰ ভৱিষ্যনিধি বিষয়ক বিধেয়ক লোকসভাত গৃহীত।
▶️১৯৬৯ চনৰ এই দিনটোতেই ৱেষ্ট ইণ্ডিজৰ প্ৰসিদ্ধ ক্ৰিকেটাৰ ব্ৰায়ান লাৰাৰ জন্ম হৈছিল।
▶️১৯৭৩ চনৰ আজিৰ দিনটোতেই অৰুণাচল প্ৰদেশৰ নতুন ৰাজধানী ইটানগৰৰ আধাৰশিলা স্থাপন।
▶️১৯৯০ চনৰ আজিৰ দিনটোতেই দেৱীদাস ঠাকুৰৰ অসমৰ ৰাজ্যপাল ৰূপে দ্বায়িত্ব গ্ৰহণ। ১৯৯১ চনৰ ১৭ মাৰ্চলৈকে তেওঁ এই পদত কাৰ্যনিৰ্বাহ কৰিছিল।।

You might also like
Leave A Reply

Your email address will not be published.