দুলীয়াজানত নিশা IPL জুৱাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান!

অভিযানত বাইশ হাজাৰ পাঁচশ নগদ ধনসহ আটক তিনিটা জুৱাৰী

নিউজ ডেস্ক:

দুলীয়াজানত নিশা IPL জুৱাৰীৰ সন্ধানত আৰক্ষীৰ অভিযান। দুলীয়াজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত চলে এই অভিযান । অভিযানত বাইশ হাজাৰ পাঁচশ নগদ ধনসহ আটক তিনিটা জুৱাৰী । ধৃত তিনি জুৱাৰী সঞ্জয় তামুলী উৰফে পাঠন, ৰূপম ফুকন আৰু চাইফুল আলী বুলি জানিব পৰা গৈছে। অভিযোগ মতে, দীৰ্ঘ দিনৰ পৰা এই জুৱাৰী চক্ৰটোৱে অবৈধভাৱে জুৱা চলাই পৰিবেশ বিনষ্ট কৰিছিল তৈল নগৰী দুলীয়াজানত।দুলীয়াজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত অবৈধ ভাৱে গঢ় লৈ উঠা ডেম্পসমূহত চলে জুৱা খেল । ঘটনা সন্দৰ্ভত দুলীয়াজান আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.