নিউজ ডেস্ক

জি আনুষ্ঠানিকভাৱে হেমকোষৰ ব্ৰেইল সংস্কৰণে লাভ কৰিলে গীণিজ বুকৰ স্বীকৃতি! অসমবাসীৰ বাবে ভাল খবৰ৷ আজি আনুষ্ঠানিকভাৱে হেমকোষৰ ব্ৰেইল সংস্কৰণে গীণিজ বুকৰ প্ৰমাণপত্ৰ লাভ কৰিলে। গুৱাহাটী বিশ্ববিদ্যালয়ত বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত হেমকোষ কৰ্তৃপক্ষই আজি আনুষ্ঠানিকভাৱে গীণিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছৰ প্ৰমাণপত্ৰ গ্ৰহণ কৰে। দৃষ্টিহীনৰ বাবে উলিওৱা হেমকোষৰ ব্ৰেইল সংস্কৰণৰ প্ৰকাশক সাদিন প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাই গীণিজ বুকৰ স্বীকৃতিপত্ৰ গ্ৰহণ কৰে।

আজিৰ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে ৰাজ্যপাল গুলাৱ চান্দ কাটাৰিয়াই অংশ লয়। মন্ত্ৰী পীযুষ হাজৰিকাও অনুষ্ঠানটোত উপস্থিত থাকে।।

You might also like
Leave A Reply

Your email address will not be published.