মহাৰাষ্ট্ৰত অট্টালিকা খহি ১০জনকৈ লোকৰ মৃত্যু!

মহাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱান্দি চহৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা

নেচনেল ডেস্ক:

হাৰাষ্ট্ৰৰ থানে জিলাৰ ভিৱান্দি চহৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। এটা তিনি মহলীয়া অট্টালিকা খহি ১০জনকৈ লোকৰ মৃত্যু। বাতৰি যুগুটোৱা পৰলৈকে ধ্বংসাৱশেষৰ পৰা জীৱন্তে উদ্ধাৰ কৰা হৈছে ১৮ জন লোকক। ঘটনাস্থলীত NDRF বাহিনীৰ দল উপস্থিত হৈ উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে। বৰ্তমানেও ধ্বংসাৱশেষৰ তলত বহু লোক আৱদ্ধ হৈ আছে বুলি NDRFৰ সূত্ৰই জনাইছে।

ইতিমধ্যে মৃতকৰ পৰিয়াললৈ ৫ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্য ঘোষণা মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ। লগতে ৰাজ্য চৰকাৰে আহতসকলৰ সকলো চিকিত্‍সা ব্যয় বহনৰ দায়িত্ব কৰিছে।

You might also like
Leave A Reply

Your email address will not be published.