আজি আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক দিৱস

সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১ মে’ত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস

নিউজ ডেস্ক:

জি ১ মে’, আন্ত:ৰাষ্ট্ৰীয় শ্ৰমিক দিৱস। শ্ৰমিক আৰু শ্ৰমিকৰ কৃতিত্বক সন্মান জনোৱাৰ লগতে তেওঁলোকৰ অধিকাৰৰ প্ৰতি সচেতন হ’বলৈ উৎসাহিত কৰাৰ উদ্দেশ্যে সমগ্ৰ বিশ্বতে প্ৰতি বছৰে ১ মে’ত পালন কৰা হয় আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস। সজাগতা বিয়পোৱাৰ স্বাৰ্থতেই ভাৰতকে ধৰি বিশ্বৰ কেইবাখনো দেশত এই দিৱসটো চৰকাৰী বন্ধৰ দিন হিচাপেও ঘোষণা কৰা হৈছে। বিশ্বৰ বিভিন্ন ঠাইত সংঘটিত হোৱা শ্ৰমিক আন্দোলন আৰু শ্ৰমিক সকলৰ কষ্ট, ত্যাগৰ প্ৰতি সন্মান জনাই এই দিনটো উদযাপন কৰা হয়।

জানিব পৰা মতে, ১৮৮৬ চনৰ ১ মে’ত আমেৰিকাৰ চিকাগো নগৰৰ হে-মাৰ্কেটত ৮ ঘণ্টা শ্ৰমদিনৰ দাবীত আন্দোলন কৰা শ্ৰমিকৰ ওপৰত গুলি চলোৱাত ১১ জন শ্ৰমিক শ্বহীদ হয়। শ্বহীদ শ্ৰমিকৰ প্ৰতি শ্ৰদ্ধাঞ্জলিৰূপেই প্ৰথমবাৰৰ বাবে মে’ দিৱস অথবা শ্ৰমিক দিৱসৰ পাতনি মেলা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.