হ্ৰাস পালে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম!

প্ৰতিটো ১৯ কেজিৰ চিলিণ্ডাৰত ১৭১.৫০ টকাকৈ হ্ৰাস

নিউজ ডেস্ক

বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ ৷ দাম হ্ৰাস পালে বাণিজ্যিক ৰন্ধন গেছ চিলিণ্ডাৰৰ। প্ৰতিটো ১৯ কেজিৰ চিলিণ্ডাৰত ১৭১.৫০ টকাকৈ হ্ৰাস।আজিৰ পৰা কাৰ্যকৰী হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ এই নতুন নিৰিখ।
তেল বিপণন কোম্পানীৰ ইণ্ডিয়ান অইলৰ ৱেবছাইটত এই নতুন মূল্যৰ তালিকা প্ৰকাশ পাইছে।

আজিৰে পৰা দিল্লীত এটা ১৯ কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ মূল্য ২,০২৮ টকাৰ পৰিৱৰ্তে ১,৮৫৬.৫০ টকাত উপলব্ধ হ’ব। কলকাতাত এই চিলিণ্ডাৰ ২,১৩২ টকাৰ পৰিৱৰ্তে ১,৯৬০.৫০ টকাত আৰু মুম্বাইত ১,৯৮০ টকাৰ পৰিৱৰ্তে ১,৮০৮.৫০ টকাত গ্ৰাহকে ক্ৰয় কৰিব পাৰিব। চেন্নাইত বাণিজ্যিক এলপিজি এতিয়া ২,০২১.৫০ টকাত উপলব্ধ হ’ব, যাৰ মূল্য আগতে ২,১৯২.৫০ টকা আছিল। আনহাতে আজিৰে পৰা পাটনাত বাণিজ্যিক এলপিজিৰ মূল্য ২,১২২ টকালৈ হ্ৰাস পাইছে।।

You might also like
Leave A Reply

Your email address will not be published.