মেক্সিকোৰ নায়াৰিটত ভয়ংকৰ বাছ দুৰ্ঘটনা

দুৰ্ঘটনাৰ ফলত কমেও ১৮ গৰাকী মেক্সিকান পৰ্যটক

ইণ্টাৰনেচনেল ডেস্ক:

মেক্সিকোৰ নায়াৰিটত ভয়ংকৰ বাছ দুৰ্ঘটনা। এটা প্ৰকাণ্ড খাদত এখন যাত্ৰীবাহী বাছ বাগৰি পৰাৰ ফলত সংঘটিত হয় এই দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত কমেও ১৮ গৰাকী মেক্সিকান পৰ্যটকৰ মৃত্যু হোৱাৰ বিপৰীতে প্ৰায় ২৪ গৰাকী লোক গুৰুতৰভাৱে আহত হয়।

অসামৰিক সুৰক্ষা বিষয়াই জনোৱা অনুসৰি, এখন ব্যক্তিগত কোম্পানীৰ বাছে চুবুৰীয়া ৰাজ্য জালিস্কোৰ গুয়াদালাজাৰাৰ পৰা ২২০ কিলোমিটাৰ যাত্ৰাৰে পৰ্যটকসকলক নায়াৰিটৰ গুয়াবিটোছৰ সমুদ্ৰ তীৰৰ গন্তব্যস্থানলৈ লৈ গৈ থকা অৱস্থাত সংঘটিত হয় দুৰ্ঘটনাটো। জানিব পৰা মতে দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ সকলো যাত্ৰীয়েই মেক্সিকান নাগৰিক।।

You might also like
Leave A Reply

Your email address will not be published.