মুম্বাইত জব্দ ১১.৬ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ!

ড্ৰাগছৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ সফল অভিযান

নেচনেল ডেস্ক :

ড্ৰাগছৰ বিৰুদ্ধে মুম্বাই আৰক্ষীৰ সফল অভিযান । অভিযানত জব্দ ১১.৬ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ । নৱি মুম্বাই টাউনশ্বিপত আৰক্ষীৰ এণ্টি নাৰ্কটিকছৰ এটা দলে নাইজেৰিয়াৰ এজন নাগৰিকৰ পৰা জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছ খিনি ।

আৰক্ষীয়ে জনোৱা মতে, নিষিদ্ধ ১১৬ গ্ৰাম মেথাকুৱেলনসহ গ্ৰেপ্তাৰ কৰে নাইজেৰিয়াৰ আউকুজুৰ পৰা অহা বনিফেচ ইমেনিক নামৰ অভিযুক্তজনক। অভিযুক্তৰ বিৰুদ্ধে এনডিপিএছ আইন, পাছপ’ৰ্ট আইন আৰু বিদেশী আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। অভিযুক্তই ক’ৰ পৰা নিষিদ্ধ সামগ্ৰী ক্ৰয় কৰিছিল আৰু কাক বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল সেই সন্দৰ্ভত তদন্ত অব্যাহত আছে ।।

You might also like
Leave A Reply

Your email address will not be published.