বিহাৰৰ গয়া জিলাত অঘটন!

সেনাৰ মৰ্টাৰৰ গোলা বিস্ফোৰণত নিহত হয় একে পৰিয়ালৰে মহিলাসহ তিনিজন লোক

নেচনেল ডেস্ক:

বিহাৰৰ গয়া জিলাত অঘটন! বুধবাৰে পুৱতি নিশা সেনাৰ মৰ্টাৰৰ গোলা বিস্ফোৰণত নিহত হয় একে পৰিয়ালৰে মহিলাসহ তিনিজন লোক। বিস্ফোৰণত আহত হয় ছয়জন লোক। গয়াৰ বাৰাচট্টি থানা এলেকাৰ অন্তৰ্গত গুলাৰভেদ গাঁৱত সংঘটিত হয় এই শোকাৱহ ঘটনা। আটাইকেইজন আহতক ততাতৈয়াকৈ প্ৰেৰণ কৰা হয় চহৰখনৰ অনুগ্ৰহ নাৰায়ণ মগধ চিকিৎসা মহাবিদ্যালয়লৈ । জানিব পৰা মতে, চিকিৎসাধীন অৱস্থাতে এগৰাকী মহিলাসহ আহত তিনিজন লোকৰ মৃত্যু হয়।।

You might also like
Leave A Reply

Your email address will not be published.