বিহাৰৰ গোপালগঞ্জত সংঘটিত হৈছে এক জঘন্য ঘটনা!

সমগ্ৰ ঘটনাৰ লগত যুৱতীগৰাকীৰ প্ৰেমিক জড়িত হৈ থকাৰ সন্দেহ আৰক্ষীৰ

নেছনেল ডেস্ক :

বিহাৰৰ গোপালগঞ্জত সংঘটিত হৈছে এক জঘন্য ঘটনা । তিনিজন যুৱকে এগৰাকী যুৱতীক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে এই দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল কৰাৰ অভিযোগ। সমগ্ৰ ঘটনাৰ লগত যুৱতীগৰাকীৰ প্ৰেমিক জড়িত হৈ থকাৰ সন্দেহ আৰক্ষীৰ ।

জানিব পৰা মতে, গোপালগঞ্জ জিলাৰ এখন গাঁৱৰ এগৰাকী যুৱতীৰ স্কুলত পঢ়ি থকা অৱস্থাত এজন ল’ৰাৰ লগত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল । তাৰ পিছত এদিন প্ৰেমিকজনে যুৱতীগৰাকীক লগ কৰিবলৈ এটা কোঠালৈ মাতিলে। যুৱতীগৰাকী তাত উপস্থিত হোৱাৰ লগে লগে তাইৰ প্ৰেমিকে দুই বন্ধুৰ সৈতে প্ৰেমিকাক দলবদ্ধ ধৰ্ষণ কৰাৰ লগতে যুৱক দুজনে ধৰ্ষণকাণ্ডৰ ভিডিঅ’ বনায় যুৱতীগৰাকীক খেদি পঠিয়াই দিয়ে। ভিডিঅ’টো ভাইৰেল কৰাৰ ভাবুকি দি যুৱতীগৰাকীক আকৌ ৰুমলৈ মাতিছিল যদিও তাই আহিবলৈ অস্বীকাৰ কৰাত ক্ষুব্ধ হৈ প্ৰেমিক আৰু তেওঁৰ সংগীসকলে দলবদ্ধ ধৰ্ষণৰ ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰে। ঘটনা সন্দৰ্ভত যুৱতীগৰাকীৰ আত্মীয়ই গোপালগঞ্জৰ আৰক্ষী অধীক্ষকৰ ওচৰত ন্যায়ৰ বাবে আবেদন জনাইছে।

আৰক্ষী অধীক্ষকৰ নিৰ্দেশমৰ্মে আৰক্ষীয়ে ভুক্তভোগীৰ ভাষ্যৰ ওপৰত পাঁচজন যুৱকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তিনিজন যুৱকৰ বিৰুদ্ধে দলবদ্ধ ধৰ্ষণৰ লগতে ভিডিঅ’ ভাইৰেল কৰাৰ অভিযোগ উত্থাপন হৈছে। অতি সোনকালে আটাইকেইজন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।।

You might also like
Leave A Reply

Your email address will not be published.