বিৱাহ নৌহওঁতেই বিচ্ছেদ! কি হ’ব ‘ৰণলীয়া’ৰ?

এন্টাৰটেইনমেন্ট ডেস্ক-

বলিউডত বিগত এটা সপ্তাহে আমিৰ খান আৰু কিৰণ ৰাৱৰ বিচ্ছেদৰ খবৰে তোলপাল লগাই থকাৰ সময়তে আহিছে অন্য এক খবৰ। আমিৰ-কিৰণৰ ১৫ বছৰীয়া যুগ্ম জীৱনৰ অৱসান ঘটাৰ পিছতে শুনিবলৈ পোৱা গৈছে বলিউদৰ অন্যতম প্ৰেমিক যুগল ৰণবীৰ কাপুৰ আলিয়া ভাটৰ বিচ্ছেদৰ কথা। হয়! বিচ্ছেদৰ দিশে আগবাঢ়িছে ৰণবীৰ-আলিয়াৰ সম্পৰ্ক! কিন্তু এতিয়াই নহয়!
আৰু প্ৰায় ১৫ বছৰৰ পিছত বিচ্ছেদ ঘটিব ৰণবীৰ আৰু আলিয়াৰ!শুনি হয়তো আচৰিত হৈছে আপুনি! এই কথা আমাৰ নহয়, এক ভৱিষ্যৎবাণীহে। এই ভৱিষ্যৎবাণী কৰিছে একাধিক তাৰকা সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰি সততে চৰ্চাত থকা KRK খ্যাত কমল আৰ খানে। বলিউডৰ তাৰকাসকলক লৈ কমল আৰ খানে মাজে সময়ে এনে বিভিন্ন ধৰণৰ ভবিষ্যৎবাণী কৰি অহা পৰিলক্ষিত হৈছে। এইবাৰ তেওঁ ভবিষ্যৎবাণী কৰিলে ৰণলীয়াৰ ওপৰত। তেওঁৰ মতে আগন্তুক দহটা বছৰৰ ভিতৰত প্ৰিয়ংকা চোপ্ৰা আৰু নিক্‌ জোনাচৰ সাংসাৰিক জীৱন বিচ্ছেদ ঘটাৰ লগতে বিবাহৰ ১৫ বছৰৰ পিছত বিচ্ছেদ ঘটিব আলিয়া আৰু ৰণবীৰৰ। এক টুইটযোগে KRKই প্ৰকাশ কৰিছে তেওঁৰ এই ভবিষ্যৎবাণী।

You might also like
Leave A Reply

Your email address will not be published.