বুদ্ধদেৱ দাসগুপ্তৰ দেহাৱসান

নেচনেল ডেস্ক, এন ই ভাৰত

যশস্বী বাংলা ছবি নিৰ্দেশক তথা কবি বুদ্ধদেৱ দাসগুপ্তৰ দেহাৱসান। পাঁচবাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰেৰে সন্মানিত ৭৭ বছৰীয়া যশস্বী নিৰ্দেশক গৰাকী কিডনী জনিত ৰোগত ভূগি আছিল। ১৯৮০-১৯৯০ ৰ কালছোৱাত কেইবাখনো কালজয়ী ছবিৰ পৰিচালনাৰে ভাৰতীয় ছবি জগতত পেৰেলেল চিনেমাক এক বিশেষ স্তৰলৈ নিবলৈ সমৰ্থ হৈছিল।

প্ৰয়াত বুদ্ধদেৱ দাসগুপ্তই বাঘ বাহাদুৰ, লাল দৰ্জা, কালপুৰুষৰ দৰে বিখ্যাত ছবিৰ উপৰিও দূৰত্ব, তাহাদেৰ কথা ছবিৰ বাবে শ্ৰেষ্ঠ ছবিৰ নেচনেল ফিল্ম এৱাৰ্ডৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। উত্তৰা, সপোনৰ দিন ছবিৰ বাবে তেওঁ লাভ কৰিছিল শ্ৰেষ্ঠ নিৰ্দেশকৰ সন্মান। চুটকেছ, হিমযোগ, ক’ফিন কিম্বা, ৰব’টেৰ গান, শ্ৰেষ্ঠ কবিতা ইত্যাদি বাংলা সাহিত্যলৈ প্ৰয়াত দাসগুপ্তৰ বৰেণ্য অবদান।

মহান নিৰ্দেশক তথা কবি বুদ্ধদেৱ দাসগুপ্তৰ মৃত্যুৰ লগে লগে অন্ত পৰিল বাংলা সাহিত্য-সংস্কৃতিৰ এক বৰ্ণিল অধ্যায়।।

You might also like
Leave A Reply

Your email address will not be published.