বৃহৎ তেল চোৰ চক্ৰৰ ৪ সদস্যক আটক

নগাঁও আৰক্ষীৰ আন এক বৃহৎ সফলতা। ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক তথা অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাই বৃহৎ তেল চুৰি চক্ৰৰ চাৰি সদস্যক আটক কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে, ২৫ ফেব্ৰুৱাৰীত নগাঁৱৰ কৃষ্ণাইঘাটৰ পথাৰৰ পৰা তেল পৰিবাহী পাইপ কাটি তেল চুৰি কৰিছিল চক্ৰটোৱে। বৃহস্পতিবাৰে চক্ৰটোৰ চাৰি সদস্য ক্ৰমে ডিব্ৰুগড়ৰ নিকুৰঞ্জন গগৈ, তিনিচুকীয়াৰ নৰেন বৰা, ইন্দ্ৰজিত চুতীয়া আৰু নগাঁৱৰ প্ৰণৱ শইকীয়াক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়। তেল চুৰি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।।

You might also like
Leave A Reply

Your email address will not be published.