বেলতলা বজাৰত কঠোৰ চৰকাৰী কতৃপক্ষ!

খাদ্য আৰু অসামৰিক যোগান বিভাগৰ গুৱাহাটীৰ বেলতলা বজাৰ পৰিদৰ্শন। বিভাগীয় কতৃপক্ষই পাচলিৰ দোকান পৰিদৰ্শন কৰি পাচলিৰ দৰ-দাম নিৰ্ধাৰণ কৰে।

বিভাগীয় কতৃপক্ষই জনোৱা মতে, খাদ্য আৰু অসামৰিক যোগান বিভাগে বজাৰত বিক্ৰী কৰা পাচলি, পিয়াজ আৰু আলুৰ দৰ নিৰ্ধাৰণ কৰিছে। বিভাগটোৱে গুৱাহাটীৰ বেলতলা বজাৰত পিঁয়াজৰ মূল্য ৪৫ টকা, আলুৰ মূল্য ২৫ টকা, ফুলকবি, বন্ধাকবিৰ মূল্য ৩০ টকা, বিলাহীৰ মূল্য ৬০ টকা নিৰ্ধাৰণ কৰিছে।

নিৰ্ধাৰিত পৰিমাণতকৈ উচ্চ হাৰত বিক্ৰী কৰা বিক্ৰেতাক জৰিমনা বিহা হ’ব বুলি বিভাগীয় কতৃপক্ষই জনাইছে। বিভাগটোৱে সামগ্ৰীৰ মূল্যৰ সৈতে এখন বোৰ্ড ওলোমাই ৰাখিবলৈ নিৰ্দেশ দি অন্যথা বাণিজ্য অনুজ্ঞাপত্ৰ বাতিল কৰা হ’ব বুলিও সকিয়াই দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.