ভয়ংকৰ পথ দুৰ্ঘটনা!

৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় দুজন লোক

নেচনেল ডেস্ক:

ড়িশাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটো সংঘটিত হয় শুকুৰবাৰে পুৱা ওড়িশাৰ সম্বলপুৰ জিলাত। এখন গাড়ী খালত পৰাৰ ফলত কমেও ৭ জন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় দুজন লোক । দুৰ্ঘটনাত থিতাতে ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হয় এজন লোকৰ।

জানিব পৰা মতে, পৰমনপুৰৰ এখন বিয়াত অংশগ্ৰহণ কৰি ঘৰলৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাত পতিত হয় বাহনখন। মৰণোত্তৰ পৰীক্ষাৰ পিছত মৃতদেহকেইটা মৃতকৰ পৰিয়ালক গতায় দিয়া হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।।

You might also like
Leave A Reply

Your email address will not be published.