ৰাম নৱমীত ইন্দোৰৰ মহাদেৱ মন্দিৰত অঘটন!

খহি পৰিল মন্দিৰৰ বিগ্ৰহলৈ যোৱা ছাদ আৰু চিৰি

নেচনেল ডেস্ক:

ৰাম নৱমীৰ দিনটোতেই মন্দিৰত অঘটন। খহি পৰিল মন্দিৰৰ বিগ্ৰহলৈ যোৱা ছাদ আৰু চিৰি। মন্দিৰৰ ছাদ খহি কুঁৱাত পৰাৰ ফলত মৃত্যু ৩৫ গৰাকীকৈ লোকৰ। মধ্য প্ৰদেশৰ ইন্দোৰৰ বেলেশ্বৰ মহাদেৱ ঝুলেলাল মন্দিৰত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। ৰাম নৱমীৰ কাৰ্যসূচীৰ মাজতে সংঘটিত ভয়ংকৰ দুৰ্ঘটনাত আহত ১৮ গৰাকীকৈ লোক। আহত সকলক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি।

উল্লেখ্য যে চিকিৎসা লাভ কৰাৰ পিছতেই দুজন লোক সুৰক্ষিতভাৱে ঘৰলৈ উভতি যাবলৈ সক্ষম হৈছে বুলি জানিব পৰা গৈছে। ধ্বংসস্তূপৰ মাজত নিখোজ হৈ পৰিছে ১ জন ভক্ত। নৱৰাত্ৰিৰ বাবে মন্দিৰত সমাগম ঘটিছিল শতাধিক ভক্তৰ। NDRF ৰ এটা বৃহত্‍ দলে অব্যাহত ৰাখিছে উদ্ধাৰ অভিযান। সমগ্ৰ ঘটনাক লৈ টুইটযোগে শোক প্ৰকাশ দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মূৰ।।

You might also like
Leave A Reply

Your email address will not be published.