সাধাৰণ জনতাৰ মূৰত পুনৰ মাধমাৰ!

মাহে ১০ টকাকৈ বৃদ্ধি বিদ্যুতৰ ফিক্সড চাৰ্জ!

নিউজ ডেস্ক:

সাধাৰণ জনতাৰ মূৰত পুনৰ মাধমাৰ! এইবাৰ বৃদ্ধি পাব বিদ্যুতৰ ফিক্সড চাৰ্জ। বিদ্যুৎ নিয়ামক আয়োগে নিৰ্ধাৰণ কৰিছে নতুন মাচুল। মাহে ১০ টকাকৈ বৃদ্ধি বিদ্যুতৰ ফিক্সড চাৰ্জ। কাইলৈৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব নতুন মাচুল। পূৰ্বে ফিক্সড চাৰ্জৰ বাবদ ১২০ টকাকৈ পৰিশোধ কৰি আহিছিল জনতাই। ৰাজহ বৃদ্ধিৰ উদ্দেশ্যে অসম বিদ্যুৎ নিয়ামক আয়োগে বৃদ্ধি কৰিছে ফিক্সড চাৰ্জ।

বৃহস্পতিবাৰে জাৰি কৰা জাননী অনুসৰি ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হোৱাকৈ আয়োগে সংশোধন কৰে APGCL, AEGCAL আৰু APDCL বিদ্যুৎ নিৰিখ। APDCL য়ে KW আৰু KV ত ১৫ৰ পৰা ৭৫ টকা বৃদ্ধি কৰাৰ প্ৰস্তাৱ দিছিল। কোম্পানীটোৱে বিভিন্ন শ্ৰেণীৰ গ্ৰাহক সকলৰ বাবে প্ৰযোজ্য হৈ থকা FPPP চাৰ্জকে ধৰি এনাৰ্জি চাৰ্জ প্ৰতি ইউনিটত ১ টকাৰ পৰা ৩ টকা পৰ্যন্ত বৃদ্ধিৰ প্ৰস্তাৱ দিছিল যদিও নিয়ামক আয়োগে ২০২২-২৩ বিত্তীয় বৰ্ষৰ তুলনাত ২০২৩-২৪ চনৰ নিৰিখ প্ৰায় ১.২ শতাংশ হ্ৰাস কৰাৰহে অনুমোদন জনায়। নিয়ামক আয়োগে সকলো শ্ৰেণীৰ এনাৰ্জি চাৰ্জ ১০ ৰ পৰা ২০ পইচা পৰ্যন্ত হ্ৰাস কৰাৰ সমান্তৰালৈ সামগ্ৰিক ৰাজহ বৃদ্ধিৰ স্বাৰ্থত সকলো শ্ৰেণীৰ গ্ৰাহকৰ পৰা ফিক্সড চাৰ্জ ১০ টকাকৈ বৃদ্ধিত অনুমোদন জনাইছে।

You might also like
Leave A Reply

Your email address will not be published.