আজি ৩১ মাৰ্চ

▶️১৭২৭ চনৰ আজিৰ দিনটোতেই ছাৰ আইজাক নিউটনৰ মৃত্যু হৈছিল। নিউটনৰ মৃত্যুৰ পৰম্পৰাগত তাৰিখ ২০ মাৰ্চ।
▶️১৯১৪ চনৰ এই দিনটোতেই মেক্সিকোৰ কবি-সাহিত্যিক-সমালোচক অক্টাভিঅ’ পাজৰ জন্ম হৈছিল। ১৯৯০ চনত তেওঁ লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা।
▶️১৯২৮ চনৰ এই দিনটোতেই সাহিত্যিক মেদিনী চৌধুৰীৰ জন্ম হৈছিল।
▶️১৯৬৪ চনৰ এই দিনটোতেই মুম্বাইত চিৰদিনৰ বাবে ইলেক্ট্ৰিক ট্ৰামৰ প্ৰচলন বন্ধ হৈছিল।
▶️২০০১ চনৰ আজিৰ দিনটোতেই শচীন তেণ্ডুলকাৰ এদিনীয়া ক্ৰিকেটত ১০ হেজাৰ ৰাণ অতিক্ৰম কৰা প্ৰথম খেলুৱৈ হিচাপে পৰিগণিত হৈছিল।
▶️২০০৬ চনৰ আজিৰ দিনটোতেই যশস্বী কবি-গীতিকাৰ কেশৱ মহন্তৰ দেহাৱসান ঘটিছিল।।

You might also like
Leave A Reply

Your email address will not be published.