অক্সিজেনৰ অভাৱত প্ৰাণ হেৰুৱালে মাত্ৰ ১৮ মহীয়া এটি শিশুৱে

নিউজ ডেস্ক

ডিব্ৰুগড়ত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা । ৰোমাই চাহ বাগিচাৰ এখন চৰকাৰী চিকিত্‍সালয়ত অক্সিজেনৰ অভাৱত প্ৰাণ হেৰুৱালে মাত্ৰ ১৮ মহীয়া এটি শিশুৱে । তথ্য অনুসৰি ৰোমাই চাহ বাগিচাৰ এটি শিশু গুৰুতৰভাবে অসুস্থ হৈ পৰাত চিকিত্‍সাৰ বাবে ওচৰৰে বাগিচাৰ চিকিত্‍সালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিত্‍সালয়খনত চিকিত্‍সক নথকাৰ লগতে পৰ্যাপ্ত পৰিমাণে সা-সুৱিধা নথকাত নাৰ্চে তেওঁক অসম চিকিত্‍সা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে ।অভিযোগ অনুসৰি বিগত এবছৰ ধৰি চিকিত্‍সকৰ অবিহনেই চলি আছে ৰোমাই চাহ বাগিচাৰ হাস্পতালখন । লগতে জৰুৰীকালীন সা–সুবিধাও উপলব্ধ নহয় চিকিত্‍সালয়খনত। জানিব পৰা মতে হাস্পাতালখনৰ এম্বুলেন্স সেৱাত জৰুৰীকালীন সেৱাৰ বাবেও নাই কোনো অক্সিজেন চিলিণ্ডাৰ । যাৰ বাবে মৃত্যু মুখত পৰে শিশুটি। উল্লেখ্য যে বিগত বৰ্ষৰ আৰম্ভণিতে কৰিমগঞ্জ অসামৰিক চিকিত্‍সালয়তো চিকিত্‍সক আৰু নাৰ্চৰ গাফিলতিৰ বাবে এটি শিশুৱে মৃত্যুক সাৱটি ল’বলগা হৈছিল।।

You might also like
Leave A Reply

Your email address will not be published.