ভাৰতত দুজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ!

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসলৈ মাত্ৰ তিনিটা দিন বাকী সময়তে সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। পঞ্জাৱৰ গুৰদাসপুৰ খণ্ডত অবৈধ ভাৱে ভাৰতত অনুপ্ৰৱেশ কৰা দুজন পাকিস্তানী নাগৰিকক গ্ৰেপ্তাৰ কৰে সীমান্ত সুৰক্ষা বাহিনীয়ে। ধৃত দুই পাকিস্তানীক ৰবীজ মছিহ আৰু কিষাণ মছিহ বুলি চিনাক্ত কৰা হৈছে। দুয়োৰে ঘৰ পাকিস্তানৰ নৰোৱাল জিলাত। দুই পাকিস্তানী অনুপ্ৰৱেশকাৰীৰ পৰা সীমান্ত সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰে দুটা মোবাইল ফোন, পাকিস্তানী মুদ্ৰা, দুখন আইডি কাৰ্ডসহ সা-সামগ্ৰী। ভাৰতত অনুপ্ৰৱেশ কৰাৰ উদ্দেশ্য এতিয়াও জানিব পৰা হোৱা নাই। এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে বি এছ এফে।।

You might also like
Leave A Reply

Your email address will not be published.