টকা-সোনৰ পাহাৰ ওলাইছে!

গণি গণি শেষ কৰিব নোৱাৰা টকাৰ পাহাৰ মহাৰাষ্ট্রত। টকাৰ লগতে ওলাইছে ৩২ কিলোগ্রাম সোণ। মহাৰাষ্ট্ৰৰ জালনাত আয়কৰ বিভাগৰ বৃহত অভিযান। মহাৰাষ্ট্ৰৰ জালনাত আয়কৰ বিভাগে ষ্টীল, কাপোৰৰ এজন ব্যৱসায়ীৰ ঘৰত তথা ৰিয়েল ইষ্টেত ডেভলপাৰৰ ফাৰ্মহাউচত চলাইছিল অভিযান। অভিযানত জব্দ হৈছে প্ৰায় ৩৯০ কোটি টকাৰ সম্পত্তি। ইয়াৰ ভিতৰত আছে ৫৮ কোটি নগদ ধন আৰু ৩২ কিলোগ্ৰাম সোণ। ইয়াৰ উপৰিও আছে হীৰা, মুকুটা আৰু বিভিন্ন সম্পত্তিৰ নথি-পত্ৰ। জব্দ হোৱা সম্পত্তিৰ পৰিমাণ ইমানেই বেছি যে ইয়াক হিচাপ কৰিবলৈ আয়কৰ বিভাগক প্ৰয়োজন হৈছিল ১৩ ঘণ্টা সময়ৰ। আয়কৰ বিভাগে বুধবাৰে পুৱা ১১ বজাৰ পৰা নিশা ১ বজালৈ গণনা কৰে এই বেনামী সম্পত্তি।

You might also like
Leave A Reply

Your email address will not be published.